✍️ মেৰী বৰদলৈ, শিৱসাগৰ(জাঁজী)
কবিতাৰ শিৰোনামঃ জুবিন গাৰ্গ
___________________________
সাগৰৰ মহাবাহুত তুমি
সংগীতৰ লহৰ তুলি
অজান পৃথিৱীৰ
অতিথি হৈ
আমাৰ দুচকুত দিলা গুজি
স্মৰণীয় এখনি ছবি,
নাম কি জানানে
নাম....
আমাৰ সকলোৰে
হিয়াৰ আমঠু অসম হাৰ্টথ্ৰব
জুবিন গাৰ্গ৷
বাটৰে শেষতে
বাট চাই চাই
বাটৰ বাটৰুৱাইও
ৰৈ ৰৈ বিনালে আজি
মায়াবিনী ৰাতিৰ বুকুত
দেখা পালো তোমাৰ ছবি,
আবেলি আকাশতো
ঘৰমুৱা পক্ষীয়েও
কৈ যায় কাণে কাণে
গুণগুণ গানে গানে বুলি
জানানে কি নাম তেওঁ
নাম...
অসম হাৰ্টথ্ৰব জুবিন গাৰ্গ৷
উজনিৰ দুজনী গাভৰুৱেও
অশ্ৰুসিক্ত নয়নেৰে
মৰম নদীৰ গাভৰু ঘাটত
উমান নাপায় আজি
হিয়া দিয়া নিয়াৰ,
বসন্তৰ ডালে ডালেও
এইবাৰ কপৌফুলে
শুৱনি নকৰে জানা
ৰাংঢালীৰ লাহতী খোপা
জানানে কাৰ বাবে
কি নাম
নাম...
অসম হাৰ্টথ্ৰব জুবিন গাৰ্গ...!!!
✍️ ৰূপালী গগৈ চুতীয়া, ডিব্ৰুগড়।
কবিতাৰ শিৰোনামঃ এক প্ৰেম কাহিনী
.......................................................................................
হঠাতেই হেৰাল হিয়াৰ আমঠু
উদং উদ্ং বুকু ,
সেয়ে সাগৰৰ পাৰত
নিবিচাৰোঁ অপেক্ষাৰ সেঁতু।
বাটৰে শেষতে বাট চাই আছোঁ
উভতি আহিবা পাখিতেই পাখি থৈ
চোতালত জোনাক সিঁচি
জনতাক আপোন কৰিবলৈ।
তুমিয়েই কৈছিলা
তোমাৰ মৰুভূমিৰ তিয়াই দিবলৈ
সুঁতি এৰি যোৱা নদী হ'বলৈ
পিছে কেনেকৈ
তুমিটো অকলে অকলে সাগৰক সাৱটি
মনে মনে চকু মুদি
গ'লাগৈ অজান দেশলৈ ।
আমাৰ চকুত চেৰাপুঞ্জী দি
সৰগত নতুন ঘৰ সাজিলা,
কোনোৱে কৈছে তুমি হেনো মৰিলা
এইবোৰ কথা শুনিলে হাঁহি উঠে জানা !
দেৱতা জানো মৰে?
ভাল মানুহৰ জানো মৃত্যু হয় ?
তেওঁলোকৰ দুখ নাই
নাজানে সিহঁতে
তুমি অমৰ বুলি,
জুবিন দা ....
তোমাক কোনেও মৰিবলৈ নিদিয়ে ।
তুমি একবিংশ শতিকাৰ
এক প্ৰেম কাহিনী,
তোমাৰ মৰুভূমিৰ কেকটাছ
এদিন ফুলিব
অপেক্ষা মাথোঁ তুমি ঘূৰি অহালৈ
অপেক্ষা অপেক্ষা অপেক্ষা!!!
✍️ বুটম দত্ত।
............................................................................................
বহুত ধেমালি কৰিলা,
এতিয়া ঘূৰি আহা, জুবিন দা।
এবাৰ আহি কোৱা—
"মই ঘেণ্টা খাটিৰ নকৰো" বুলি,
তোমাৰ গীতবোৰত আছিল আমাৰ শৈশৱ,
তোমাৰ সুৰতে বাজিছিল বুকুৰ স্পন্দন।
তুমি গ'লাগৈ,
মোৰ দৰে হাজাৰজনৰ বুকু উদং কৰি।
ঘূৰি আহা, জুবিন দা—
তুমি নহ'লে জানো নাহৰ ফুলে সুৱাস দিব?
তুমি নহ'লে জানো ব'হাগ আহিব?
গীত নোহোৱা সন্ধিয়াবোৰ আজি—
গধুৰ, নিৰৱ, যেন উদং আকাশ।
একো নালাগে, জুবিন দা—
তুমি আহা, মাথোঁ এবাৰ মাত দিয়া।
ঘূৰি আহা...
নৱজীৱনৰ সুৰেৰে
আকৌ এখন যুগ গঢ়া।
✍️ বাস্তৱ জ্যোতি বৰগোহাঁই
আমগুৰি ভূঞাহাট গোহাঁই চুক, যোগাযোগ- ৭০৮৬৭২৩৩৫৮
.......................................................................................
"প্ৰাণৰ জুবিন গাৰ্গ"
মায়াবিনী সমুদ্ৰৰ সেই অটল গৰ্ভত
গুচিগ'লা আমাক এৰি বিনা নিমিত্তত।
তোমাৰ অবিহনে সংগীতৰ জগতত
আন কোন হ'ব পাৰিব ধৰাৰ বক্ষত।
ওৰেটো জীৱন পৰৰ হিতৈষী হৈ
প্ৰদানিলা সম্পদ ভৱিষ্যৎলৈ।
মায়াবিনী , অনুৰাধা ইত্যাদি গানে
হৃদয়ত সদায় ধুমুহা আনে।
শয়নে-সপোনে মাথোঁ তোমাৰ নাম
সঁচাকৈয়ে তুমি স্বদেশৰ প্ৰাণ।
জনতাৰ মানৱ তুমি শিৰৰ ভূষণ
নির্লজ্জজনে কৰিলে তোমাক শোষণ।
তুমি নথকাৰ অভিমানে দহিছে আমাক
কিদৰে বুজাম মনৰ বেদনাক।
হৃদয়ত স্পন্দন কৰা তোমাৰ সেই ৰাগ
মানৱ সম্ৰাট তুমি জুবিন গাৰ্গ।
Write a brief description about the team culture.
[Name]
[Name]
[Name]
[Name]
[Name]
[Name]
[Name]
[Name]
[Name]
Write a brief description of what you're looking for in a teammate.