জুবিন মানে অসম
জুবিন গাৰ্গ অসমৰ সংস্কৃতি জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। তেওঁৰ কণ্ঠ, সৃষ্টিশীলতা আৰু সাহসে অসমীয়া সংগীতক কেৱল অসমৰ ভিতৰতে নহয়, সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ বুকুত এক নতুন পৰিচয় দিছিল। কিন্তু তেওঁৰ প্ৰভাৱ কেৱল সংগীতৰ ক্ষেত্ৰতেই সীমাবদ্ধ নহয়; তেওঁৰ জাতি প্ৰেম,সমাজ প্ৰেম দায়বদ্ধতা,দুখীয়া-নিচলাৰ ত্ৰাণকৰ্তা ,নৱপ্ৰজন্মৰ চিন্তা-ভাবনা আৰু আত্মবিশ্বাস।তেওঁ এজন শিল্পী, এজন চিন্তাশীল নাগৰিক, আৰু এজন যুক্তিবাদী যোদ্ধা আছিল — যি জীৱনত সংঘাতক ভয় নকৰাকৈ আগবাঢ়িছিল, আনকো আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰিছিল।যাৰ ফলস্বৰূপে ভগৱান ৰূপী জুবিন গাৰ্গ প্ৰতিজন অসমীয়াৰ হৃদয়ৰ একোণত বাস কৰিছে।
আজি আমাৰ প্ৰজন্ম বিশ্বায়নৰ সৈতে সংঘাত কৰি আগবাঢ়ি আছে।একেদৰে দেশ-বিদেশৰ সংগীতত মন দিয়া সময়তো,জুবিন দাৰ গীত স্মৃতি,শব্দ আৰু সুৰে আমাক বান্ধি ৰাখিছে।যাৰ গীত শুনিলে যেন নিজৰ ঘৰ,গাওঁ আৰু শৈশৱৰ দিনবোৰ মনত পৰে।
এটাই জীৱন এজনেই জুবিন।এইহেন ব্যক্তিজনে আমাক এৰি গুচি গ'ল।এজন ভগৱানৰূপী মনুষ্য হেৰাল।অসমীয়া নৱপ্ৰজন্মটো যেন অভিভাৱক হীন হ'ল। জুবিন দা বিহীন জীৱনটো কি হ'ব সেইয়া ভাৱি মনত ভয়-শংকাই বেৰি ধৰে।তেওঁ আমাক এৰি গুচি গ'ল যদিও প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠুজন আমি সদায় জীয়াই ৰাখিম।তেওঁ বিচৰাৰ ধৰণে জাতিটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰিম। যিহেতু জুবিন দা ঘৰ জাঁজীৰ তামুলীছিগাত।সদায় জাঁজীৰ ল'ৰা বুলি গৌৰৱ কৰে।আমি জাঁজীবাসী হিচাপে তেওঁক চিৰদিনৰ কাৰণে জিলিকাম।নেদেখা পৃথিৱীখনত ভালে থাকা জুবিন দা।তাৰ পৰাই আমাক সমাজ আৰু জাতিৰ প্ৰতি সেৱা আগবঢ়াবলৈ সকলোকে আশীৰ্বাদ আৰু শক্তি দি থাকা।
আমাৰ জাঁজী জুবিনৰ জাঁজী,
আমাৰ জাঁজী গৌৰৱৰ জাঁজী।
✒️বুটম দত্ত।
জাঁজী-জামুগুৰি,শিৱসাগৰ
আমাৰ আবেগ জুবিন গাৰ্গ
প্ৰকৃতাৰ্থত অসমীয়াৰ হৃদয়ৰ গভীৰতম কোণত যদি আমি কোনো এজন শিল্পীৰ নাম সৰ্বাধিক সন্মান, স্নেহ আৰু অনুভৱৰ সৈতে উচ্চাৰণ কৰোঁ তেন্তে সেয়া নিঃসন্দেহে হব জুবিন গাৰ্গ। তেওঁ কেৱল এজন গায়ক নহয় তেওঁ এক আবেগ এক প্ৰাণৰ সুৰ আৰু এখন যুগৰ প্ৰতীক। অসমীয়াৰ আনন্দ বিষাদ কিম্বা প্রেম মৃত্যুৰ সকলো অনুভৱত আছে জুবিন।
জুবিন আছিল এজন সংগীতৰ বিপ্লবী। এটা সময়ৰ অসমীয়া সংগীতৰ একাকীত্ব যেন
জুবিন গাৰ্গৰ আগমনে অসমৰ সংগীতক এক বিপ্লবী ৰূপ দিছিল। পূৰ্বে অসমীয় সংগীত মূলত লোকগীত আৰু কণ্ঠসংগীতৰ সীমাত বন্দী আছিল। কিন্তু জুবিনে সেই সীমা ভাঙি দিলে। তেওঁ ৰক, পপ, ফিউজন আৰু আধুনিক বাদ্যযন্ত্ৰৰে অসমীয়া গানক বিশ্বমানৰ মঞ্চলৈ লৈ গ'ল। তেওঁৰ গীত সমূহে সংগীত প্ৰেমীক মাথোঁ মুগ্ধ কৰাই নহয়, আমাৰ সমাজখনক দিছিল নতুন চিন্তা আৰু সাহস।জুবিনৰ কণ্ঠৰ বৈশিষ্ট্য আছিল আবেগ আৰু প্ৰাণৰ সজীৱতা। তেওঁ কণ্ঠেৰে যে শোক, আনন্দ, প্রেম, বিৰহ সকলো প্ৰকাশ কৰিব পাৰিছিল যত অসমীয়াৰ জীৱনৰ আবেগৰ প্রতিফলন হৈছিল। তেওঁ অসমৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰি বলিউডটো নিজৰ প্ৰতিভাৰ উমান দি এক আসন লাভ কৰিছিল। আমি পাহৰিলে নহব গেংষ্টাৰ ছবিৰ সেই বিখ্যাত য়া আলিৰ হাৰ্মিং। আমি সততে কোৱা অসমীয়া জাতীয়তা বাদৰ অগ্ৰণী প্ৰতিনিধি আছিল জুবিন গাৰ্গ। যি গৌৰৱ কৰিছিল অসমীয়া বুলি। তেওঁ আছিল কেইবাটাও প্ৰজন্মৰ আদৰ্শ। তেওঁ প্ৰমাণ কৰি গল বিশ্ব জয় অসমীয়াইও কৰিব পাৰে নিজ প্ৰতিভাৰে। আমি পূৰ্বতে উল্লেখ কৰাৰ দৰে যদি প্ৰেমৰ দুখৰ মুহূৰ্তত আওড়াও মায়া... তেন্তে সুখৰ স্মৃতিত গুণগুণাও পাখি পাখি...। সংগীতৰ উপৰিও তেওঁৰ দ্বাৰা নিৰ্মিত কথাছবি সমূহে অসমীয় চলচ্চিত্ৰ জগতত নতুন দিশ উন্মুক্ত কৰিছিল। উচ্চ প্ৰযুক্তি আৰু আধুনিক চিত্ৰগ্রহণেৰে তেওঁ প্ৰমাণ কৰিছিল যে অসমীয়া চিনেমা বিশ্বমানৰ হ’ব পাৰে।
জুবিন গাৰ্গে সংগীতক ব্যক্তি অনুভৱৰ পৰা সমাজৰ সমষ্টিগত আবেগলৈ নিবলৈ সক্ষম হৈছিল। সমাজৰ সংকটৰ সময়ত ৰাইজৰ আবেগ অনুভৱ কৰি ৰজা ঘৰক ৰঙা চকু দেখুৱাবলৈ সক্ষম হৈছিল।।তেওঁ প্ৰকৃত অৰ্থত এজন সম্পূৰ্ণ মানৱ। অসমীয়াৰ স্বাভিমানী সত্তা জুবিন। অসমৰ ভাষা, সংস্কৃতি আৰু স্ব পৰিচয়ৰ বিষয়ে তেওঁ সদায় জাগ্ৰত আছিল।
জুবিন গাৰ্গৰ মৃত্যু মানে হেৰাই গল অসমীয়াৰ এক আবেগ। প্ৰকৃত অৰ্থত তেওঁ আছিল অসমীয়াৰ আত্মা।
প্ৰতিজন অসমীয়াৰ হৃদয়ত জুবিন গাৰ্গৰ এক স্থায়ী আসন আছে। তেওঁৰ গীত মানে জীৱনৰ ভাষা জীৱনৰ প্ৰেৰণা। জুবিন গাৰ্গ এক নাম নহয় ই এক যুগৰ আবেগ যত আছে আমাৰ আবেগ, আশা আৰু স্বপ্ন। এই মুহূৰ্তত অসমীয়া জাতি জীয়াই থকালৈকে প্ৰবাহিত হৈ থাকিব জুবিন গাৰ্গ নামৰ এই সত্তাৰ।
✍️ পূৰ্ণিমা ফুকন বৰুৱা
জাঁজী, জামুগুৰি (শিৱসাগৰ)
হৃদয়স্পশী জুবিন–আমাৰ গৌৰৱ,আমাৰ প্ৰাণ
অসম তথা অসমীয়াৰ হিয়াৰ আমঠু, ,জাতীয় জীৱনৰ বলিষ্ঠ কণ্ঠ,সাহস,আবেগ,অনুপ্ৰেৰণা আজন্ম শিল্পী জুবিন গাৰ্গ। ''মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, ময়েই কাঞ্চনজংঘা।" অসমৰ সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গ। তেওঁ আছিল একাধাৰে অমৃত কণ্ঠৰ গায়ক,গীতিকাৰ, সুৰকাৰ,বাদ্যযন্ত্ৰী,চলচ্চিত্ৰ অভিনেতা, কবি, লেখক, দূৰ্বাৰ প্ৰকৃতিপ্ৰেমী এজন মহানায়ক। জুবিন গাৰ্গ অসমৰ গৌৰৱ,সংগীত জগতৰ সূৰ্য্য। তেওঁৰ কণ্ঠই লক্ষ্যধিক হৃদয় জিনিছে। দেশপ্ৰেম, মানুহৰ প্ৰতি মৰম আৰু সংস্কৃতিৰ প্ৰতি ত্যাগে তেওঁক জাতিৰ সূৰ্য্য হিচাবে প্ৰতিষ্ঠিত কৰিছে।
অসমৰ সংগীত জগতখনত খুউব কম দিনতে খলকনি তোলা হৃদয়ৰ নিভৃত কোণত সাঁচি ৰখা, স্বাভিমানি অসমীয়াৰ সিৰাই- উপসিৰাই প্ৰবাহিত হৈ থকাৰ অমৃত কণ্ঠৰ অধিকাৰী আমাৰ সকলোৱে মৰমৰ আপোন মানুহ জন যাওঁ বুলিয়েই সঁচাকৈয়ে গ’লগৈ। জাতিক ভালপোৱা, মাটি আৰু মানুহৰ গান গাই ভাল পোৱা, গানেৰে অগনণ লোকৰ হৃদয় জিনা এজন যাদুকৰ, ভাগৰৰ বুকুতেই ভাগৰ জিৰাই ভালপোৱা প্ৰিয় মানুহজনৰ মহাপ্ৰস্থান ঘটিল। অভিশপ্ত ১৯ ছেপ্টেম্বৰত হিয়াৰ আমঠু, আমাৰ মণিকূট,জাতিৰ অমৃত কণ্ঠৰ জুবিনৰ অনকাংক্ষিত বিয়োগে সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ অসংখ্য লোকক শোৰ্কাত কৰি তুলিছে।
সুৰ গানেৰে জাতিক বিশ্বত গৰ্বিত কৰি, আই অসমীৰ বুকুত বিলীন হল অসমীয়াৰ স্বাভিমান জাতিৰ মহানায়ক জুবিন গাৰ্গ। লিখি শেষ কৰিব নোৱৰা, এগৰাকী স্বতন্ত্ৰ ব্যক্তিত্বৰ অধিকাৰী জুবিন গাৰ্গ, যি গৰাকী ব্যক্তি হৃদয় ভৰি আছিল মানুহৰ প্ৰতি, প্ৰতিটো জীৱৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি অগাধ ভালপোৱা এনে এজন অসাধাৰণ ব্যক্তিৰ কথা লিখি কৈ শেষ কৰিব নোৱাৰি। ভগৱান সদৃশ প্ৰিয় শিল্পীজনৰ অকাল বিয়োগত প্ৰতিজন অসমীয়াই আজি হিয়া ঢাকুৰি কান্দিছে, কেৱল কান্দিছে। স্বাভিমানি অসমীয়াৰ এটা যুগৰ অৱসান ঘটিল।
জুবিনদা গোটেই অসম স্তদ্ধ কৰি, অসমীয়াৰ কণ্ঠ ৰুদ্ধ কৰি তুমি কিয় ইমান সোনকালে গুচি গ'লা ??? সুখত,দুখত, আনন্দত, হতাশাত, মৃত্যুত,সফলতা, বেদনাত সকলোবোৰ তোমাৰ গানতেই বিচাৰি পাইছিলোঁ। তোমাৰ গানৰ জৰিয়তে আমি অনুভৱ কৰিব শিকিছোঁ, ভালপাবলৈ শিকিছোঁ।
জুবিন দা মানৱদৰদী এই মানুহজনৰ এদিন মৃত্যু হ'ব কেতিয়াও ভবা নাছিলোঁ। তুমি গুচি যোৱাৰ কথাটো অসমবাসীৰ বাবে অকল্পনীয়, অবিশ্বাস্য। জুবিন দা তুমি সদায় অমৰ হৈ ৰবা আমাৰ মাজত। জুবিন গাৰ্গ আমাৰ বাবে এজনেই আছিল আৰু এজনেই চিৰদিন থাকিব। ভগৱানৰ ওচৰত প্ৰাৰ্থনা তুমি পুনৰ জনম লৈ অসমলৈ আহা আকৌ জুবিনদা হিচাপে তোমাক লগ পাম। জুবিনদা নিমৰ্ম হত্যাৰ উচিত বিচাৰ হওক আৰু দোষীয়ে অনতিপলমে শাস্তি পাওক।
তুমি থাকিবা চিৰদিনলৈ আমাৰ হৃদয়ত একেদৰেই, গীততেই বিচাৰি ল'ম, গীততেই কথা পাতিম। তোমাক বিদায় বুলি ক'ব নোৱৰোঁ।
"জয় জুবিন দা।''
ছাঁয়া নাথ।
হাতীঘূলি, শিলপুখুৰী
" জয় জুবিন দা "
অসমীয়াৰ হিয়াৰ আমঠু "জুবিন গাৰ্গ" নামটোতেই যেন সোমাই আছে অসম বাসীৰ আৱেগ । জেষ্ঠ জনৰ মৰমৰ আৰু কনিষ্ঠ জনৰ সন্মানীয় জুবিন দা।কোনে চিনি নাপাইছিল তেওঁক ? শিশুৰ পৰা বয়সস্থ জনলৈ সকলোৱে চিনি পাইছিল তেওঁক । শদিয়াৰ পৰা ধুবুৰীলৈ সকলোতে স্থান আছিল তেওঁৰ । নিজৰ প্ৰতিভা আৰু কণ্ঠৰে বিশ্বজয় কৰা এই জনা মহান শিল্পী ভূপেন হাজৰিকাদেৱৰ যেন এক অংগ আছিল।
"জুবিন দা আৰু নাই কথাষাৰ যেন সহজ ভাৱে মানি ল'ব পৰা নাই। জনো বিধাতাক বধা দিব পৰা শক্তি আমাৰ নাই কিন্তু...। নুবুজিলো বিধাতা ইমান নিষ্ঠুৰ কেনেকৈ হ'ব পাৰিলে । সপোন আছিল আপোনাক লগ পোৱাৰ, কিন্তু...সপোনবোৰ যেন সপোন হৈ ৰ'ল । এই লিখনিৰ দ্বাৰা সেই সাগৰ খনকো প্ৰশ্ন কৰিব বিচাৰো এজন মহান শিল্পীক গ্ৰাস কৰাৰ অধীকাৰ আছিল জানো ? এনে ভুলৰ ক্ষমাও নাই । হে সমুদ্ৰ তুমি অসম বসীৰ ওচৰত সদায় অপৰাধী হৈ ৰ'লা । এতিয়া ঘৃণ কৰে তোমাক অসমৰ জন সমুদ্ৰই ।
কিছু কিছু সময়ত এনে লাগিছে যেন জুবিন দাই নিজৰ মাক আৰু ভনীয়েকক বিচাৰি স্বৰ্গলৈ গৈছে । লগ পোৱাৰ পাছত যেন পুনৰ ঘূৰি আহিব । যদি সচাঁই এনে হয় তেন্তে , জংকী বা জুবিন দাক সোনকালে উভতাই পঠিয়াবাচোন । ক'বা অসম বাসীয়ে তেওঁলৈ বহু আগ্ৰহেৰে বাটচাই আছে । শেষত এটাই ক'ব বিচাৰো "জয় জুবিন" । আপুনি য'তেই আছে ভালে থাকক ।
--ৰাজনীশ ভৰদ্বাজ।
--- চ.গ.শ.শি.নিকেতন, জাঁজী
Write a brief description of what you're looking for in a teammate.