বৃহত্তৰ জাঁজীবাসী ৰাইজৰ উদ্যোগত জাঁজী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগিতাত অসমীয়াৰ হিয়াৰ আমঠু গণ শিল্পী, জুবিন গাৰ্গৰ মাহেকীয়া শ্রাদ্ধ আৰু ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে প্রকাশিত
"স্মৃতি পত্রিকা”
১৯ অক্টোবৰ,২০২৫ স্থান - জাঁজী গড়মূৰ
বৃহত্তৰ জাঁজীবাসী ৰাইজৰ উদ্যোগত জাঁজী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগিতাত অসমীয়াৰ হিয়াৰ আমঠু গণ শিল্পী, জুবিন গাৰ্গৰ মাহেকীয়া শ্রাদ্ধ আৰু ৰাজহুৱা শ্রদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে প্রকাশিত
"স্মৃতি পত্রিকা”
১৯ অক্টোবৰ,২০২৫ স্থান - জাঁজী গড়মূৰ
অসমীয়াৰ প্ৰাণস্পন্দন আৰু প্ৰকৃতিৰ নাহৰ গছজোপা, জাঁজীৰ আবেগ
জুবিনৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নবেম্বৰ তাৰিখে মেঘালয় ৰাজ্যৰ ভুৰাত। জুবিনৰ শৈশৱটো দেউতাকৰ চাকৰি সূত্রে অসমৰ বিভিন্ন ঠাইত ঘূৰিফুৰিয়ে পাৰ হৈছিল। অসমৰ বিভিন্ন ঠাই ফুৰি শৈশৱৰ এই অভিজ্ঞতাৰে তেওঁৰ গভীৰ ভাবে বেখাপাত কৰিছিল আৰু এটি সাক্ষাৎকাৰত প্ৰকাশ কৰিছিল তেওঁ এজন ট্রেভেলাৰ বা ভ্রমণকাৰী।
কিশোৰ কাল তেওঁ পাৰ কৰিছিল তামোলপুৰ জিলাৰ সদৰত। তেওঁ দুই কিলোমিটাৰ চাইকেলেৰে অহাযোৱা কৰি তামোলপুৰ হায়াৰ চেকেণ্ডেৰী স্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। তেওঁ এজন মেধাবী ছাত্র আছিল আৰু তামোলপুৰৰ চৰকাৰী আৱাসটোৱে তেওঁৰ যেন বৌদ্ধিক, সাংস্কৃতিক, সংগীতৰ কঠীয়াতলি। তেওঁ এটা সাক্ষ্যাৎকাৰত কৈছিল যে আমাৰ তামোলপুৰৰ ঘৰটো ইমান ডাঙৰ আছিল যে তেওঁ ঘৰত বাঘ, কুকুৰ, চৰাইও তেওঁৰ বন্ধু আছিল। তেওঁ ইমান ভাগ্যবান আছিল যে কিশোৰকাল প্ৰকৃতিৰ কোলাত ডাঙৰ দীঘল হৈছিল। তেওঁৰ ভাব-অনুভব, সুখ-দুখ বা মন মগজুৰে প্ৰকৃতি, জীৱ-জন্তুৰ লগত যুগাত্মক হৈ গঢ়ি উঠিছিল আৰু সৃষ্টি হৈছিল আমাৰ হিয়াৰ আমঠু জুবিন বৰঠাকুৰ। তেওঁ কিতাপ পঢ়ি বুউব ভাল পাইছিল, অষ্ঠম শ্রেণীতে তেওঁ প্রথম নিজে গীত লিখি, সুৰ কৰি উলিয়াছিল।
তেওঁৰ যৌৱন কাল যোৰহাটৰ পৰা আৰম্ভ হৈছিল। তেওঁলোকৰ পৰিয়াল যোৰহাটলৈ স্থায়ীভাবে ঘুৰি আহিছিল আৰু আৰম্ভ হৈছিল জুবিন বৰঠাকুৰৰ কলেজীয়া জীবন। তেওঁ মেট্রিক পাছ কৰি যোৰহাট জগন্নাথ বৰুৱা মহাব্যিালয়ত (বৰ্তমানৰ বিশ্ববিদ্যালয়) নামভর্তি হৈছিল লগতে আৰম্ভ কৰিছিল তেওঁৰ সংগীতৰ যাত্রা। প্রথম অৱস্থাত তেওঁ জে.বি. কলেজত প্রকাশ ঘটিছিল এজন বাদ্যযন্ত্রী হিচাপে। তেওঁ বিবর্ড, ড্রাম, গাঁটাৰ ইত্যাদি সকলো বাদ্যত নিপুণ আছিল। কিন্তু তেওঁৰ মনে যে অকল বাদ্যবস্তুতে সীমিত হ'ব নিবিছাৰিছিল। মনে মনে তেওঁক ভগবানে দিয়া সেই সুৰৰ ভঁৰালটোৱে সুধি আছিল তুমি সুৰ কেতিয়া নিগৰাবা?
হায়াৰ চেকেণ্ডেৰী পৰীক্ষা পাছ কৰি তেওঁ ঢাপলি মেলিছিল অসমৰ অন্যতম ও এখন বৌদ্ধিক কেন্দ্র বি. বৰুৱা মহাবিদ্যালয়লৈ আৰু লগে লগে আৰম্ভ হৈছিল জুবিন সংগীতৰ যুগ আৰু জন্ম পাইছিল জুবিন বৰঠাকুৰৰ পৰা জুবিন গাৰ্গৰ। জুবিন গার্গে তিনিবছৰ বয়সৰ পৰাই গান গাবলৈ শিকিছিল। তেওঁৰ গানৰ প্রথম শুক আছিল তেওঁৰ মাতৃ। জুবিন গাৰ্গৰ মাতৃ স্বর্গীয়া ইলি বৰঠাকুৰ এগৰাকী দক্ষ নৃত্যশিল্পী, অভিনেত্রী আৰু সুগায়িকা আছিল। জুবিনে পণ্ডিত ৰবিন বেনাৰ্জীৰ পৰা ভবলা শিকিছিল ১১ বছৰ বয়সত আৰু শুক বমনী বায়ে তেওঁক অসমীয়া লোক-সংগীতৰ লগত চিনাকি কৰাই দিছিল।
গায়ক, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্র অভিনেতা হিচাপে পৰিচিত জুবিন গার্গে অসমীয়া, হিন্দী, বাংলা, বড়ো, কোচ-ৰাজবংশী (কমৰতাপুৰী /গোৱালপাৰীয়া) চাহ-বাগানীয়া, হাজং, মিচিং, কার্বি, গাৰো, ডিমাচা, টাই-আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্রিয়া মণিপুৰী, ককবৰক, ওড়ীয়া, তামিল, তেলেগু, কন্নড়, ইংৰাজী, গালো, মালয়ালম, মাৰাঠী আদি প্রায় ৪০ টা ভাষাত প্রায় ৩৮০০০ গীত নিগৰাইছিল। মিছন চাইনা হৈছে জুবিনৰ নিজা কাহিনী-প্রয়োজনা কৰা প্রথম কথাছবি।
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুব মহোৎসবত পাশ্চাত্য গীত পৰিবেশনত স্বর্ণ পদক অর্জন কৰাটোবেই আছিল জুবিন বৰঠাকুৰৰ জীৱন সলনি কৰা এটা মুহূর্ত আৰু ইয়াৰ পৰা জুবিন গাৰ্গৰ জন্ম হৈছিল। ১৯৯২ চনত তেওঁৰ প্রথম এলবাম 'অনামিকা' মুক্তি কৰি পেছাদাৰী সংগীত জগতড প্রথম খোজ পেলাইছিল আৰু অসমৰ সংগীত জগতত মৃত্যু পর্যন্ত ৩৩ বছৰ কাল একচ্ছত্রী সম্রাট হিচাপে বাজত্ব কৰিছিল। সেই সময়ত গতানুগতিক সংগীতৰ বিপৰীতে ঠলুৱা-পাশ্চাত্যৰ সংমিশ্রণে বনোৱা গীতৰ শৰাই "অনামিকা" অসমীয়াৰ মন-মগজুত সোমাই এক আলোৰণ তুলিছিল। এলবামটি খুউব কম সময়তে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সকলো বয়সৰ লোকৰ মাজত সোমাই জনপ্রিয়তাৰ শীৰ্ষত আবোহন কৰিছিল আৰু ৰাইজে তেওঁক অসমৰ এটা নতুন সংগীত যুগৰ জন্ম হৈছিল বুলি স্বীকৃতি দিছিল। ২০০১ চনত তেওঁৰ সৃষ্টি দাগ চিনেমাৰ "মায়াবিনী" গীতে আজিও সকলো ৰাইজৰ মুখে মুখে; আৰু তেওঁ অসমীয়া ৰাইজক কৈ গৈছিল যে "মই মৰিলে মায়াবিনী গীতটো গাব I
তেওঁ একাধাৰে সংগীতজ্ঞ, কবি, চিনেমা প্রয়োজক, নির্দেশক, নাট্যকাৰ আৰু অভিনয় জগততো তেওঁৰ প্রতিভা প্রবল আছিল। তেওঁ অভিনয় বা সংগীত কৰা চিনেমা সমুহ হ'ল প্রেম আৰু প্রেম, মন যায়, গানে কি আনে, মিচন চাইনা, দ্য আণ্ডাবরণ্ড, কাঞ্চনজংঘা, বাজনীতি, ডাক্তৰ বেজবৰুৱা-২, ব'ব্দৰ চিঠি, এখন নেদেখা নদীৰ সিপাৰে, দীনবন্ধু, অধিনায়ক, বারুদ, জোনাক বিহীন এই জীবন,' দাগ, তুমিমোৰ মাথোঁ মোৰ, হিয়া দিয়া নিয়া ইত্যাদি উল্লেখযোগ্য। তেওঁৰ প্রযোজিত আক নির্দেশিত আৰু নিজা কাহিনী আৰু নিজা সংগীতৰ চিনেমা "মিচন চাইনা" অসমৰ চিনেমা জগতত এখন আলোৰণকাৰী চিনেমা। "মিচন চাইনায়ে" অসমৰ সম্পূৰ্ণ চিনেমা উদ্যোগত এটা নতুন দিগন্তৰ সূচনা কৰিছিল। এই চিনেমাখনৰ ব্যৱসায়িক সফলভায়ে অসমৰ মৃত প্রায় চিনেমা উদ্যোগক সজীৱ কৰি তুলিছিল।
জুবিন গাৰ্গৰ বলিউডৰ যাত্ৰা আৰম্ভ হৈছিল নব্বৈ দশকৰ মাজ ভাগত। বলিউডত সুখ্যাতি লাভ কৰা ড° ভূপেন হাজৰিকাৰ পিছতে চাঁগৈ জুবিন গাৰ্গ অসমৰ দ্বিতীয় গৰাকী সংগীতজ্ঞ। তেখেতৰ হিন্দী গীতৰ শৰাই চন্দা, শ্রদ্ধাঞ্জলি-১/২/৩, জ্বলবা, যুহি-কভী, জাডু স্পর্শ আছিল উল্লেখযোগ্য। ইয়াৰ উপৰিও তেওঁ বহু বক্স অফিচৰ সফলতা পোৱা হিন্দী চিনেমা যেনে গড্ডৰ, ডিল চে, ডলি চাজাকে ৰাবনা, ফিজা, কাঁটে আদিত তেওঁ কণ্ঠদান কৰিছিল। ২০০৬ চনত তেওঁ কণ্ঠদান কৰা গেংস্কাৰ ছবিখনৰ "য়া আলি” গীতটোৰ বাবে Goldan Indian Film Award (GIFA) best playback Singer Award লাভ কৰিছিল।
তেওঁ কণ্ঠদান কৰা অসমীয়া এলবাম বিলাক হৈছে
অনামিকা (১৯৯২), অনুৰাধা (১৯৯২), মায়া (১৯৯৪), আশা (১৯৯৫), জুবিনৰ গান (১৯৯৬), বং(১৯৯৬), মুক্তি(১৯৯৭), জানমনি (১৯৯৮), শব্দ (১৯৯৮), স্নিগ্ধ জোনাক (১৯৯৮), মেঘৰ বৰণ (১৯৯৯), পাখি (১৯৯৯), বাংঢালী (১৯৯৯), সপোন (১৯৯৯), হিয়া মন (২০০১), শিশু (২০০২), বান্ধৈ (২০০২), আকৌ হিয়া মন (২০০২), চিনাকি মন (২০০৩), পকা ধানে ৰিঙিয়াই (২০০৩), লাজুকী মন (২০০৪), যন্ত্র (২০০৪), ডেউকা (২০০৫), চিনাকি সুৰ (২০০৫), আছেনে কোনোবা হিয়াত (২০০৬), মুখা (২০০৬), সন্ধ্যা (২০০৬), বৰষুণ (২০০৬), উন্মনা মন (২০০৬), বিঙা ৰিঙা মন (২০০৬), দিলকবা (২০০৭), উৰণীয়া মন (২০০৭), জোনাকী মন (২০০৮), কমাল (২০০৮), মোৰ প্ৰিয় গীত (২০০৮), অভিমানী মন (২০০৯), মোৰ গানত জ্বলে (২০০৯), অবুজন মন (২০১০), গান (২০১১), সোণালী মন (২০১১), কণজুন (২০১২), ৰ'ক (২০১৫), বাঁহী (২০১৩), পথ (২০১৪), কিং (২০১৫), বংমন, মনে মনে, নিৰিবিলি গধুলি, আলসুৱা মন, চিনাকি সুব, ভব ২ দুপৰীয়া, হিব' সপোনৰ সুৰ, কোন তুমি, সন্ধ্যাতৰা-১/২/৩, পাৰিজাত, মা. চিলা (২০২০)
জুবিন গাৰ্গৰ সম্পৰ্কে গুণী-জ্ঞানীৰ মন্তব্যঃ
"জুবিন সঁচায়ে আচৰিত। ইমান কম বয়সতে, ইমান সোনকালে জনপ্রিয়তা লাভ কৰা দেখি আচৰিত হওঁ। জুবিন কোনো ৰেডিঅ'ৰ শিল্পী নহয়। দুৰদৰ্শনৰ শিল্পী নহয় বা তেনেধৰণৰ কোনো বেকগ্রভিন্ডো নাই। জুবিনে যোগ্যতাৰ ভিত্তিত জনপ্রিয়তা পাইছে নিঃসন্দেহে।"
কবি-হীবেন ভট্টাচাৰ্য্য
"জুবিন বৰ টেলেপ্টেড ল'ৰা। মই ভাবো সি বুউব অধ্যয়ন কৰে। জুবিনে নিজক আৰু শ্রোতাক ভালদৰে জানে, সেইকাৰণে ইমান জনপ্রিয়তা আৰু তেওঁৰ সৃষ্টিৰ প্রতি শ্রোতাৰ ইমান আগ্রহ।"
ড° ভূপেন হাজৰিকা
"শৈশবত বিহুয়ে-সংক্রন্তিয়ে গাওঁ ঘৰলৈ মাক-দেউতাকৰ লগত কিছুদিন। থাকিবলৈ আহে। জুবিন বাকী লৰা-ছোৱালীৰ দৰে গাঁৱৰ ককাক-আইতাকৰ ঘৰত থাকিবলৈ পাই আনন্দত মতলিয়া হৈ থাকে। বাৰীৰ ফল-মুল দেখিলে চিঙিব লাগে। ঘৰতে লাগি থকা ধাননি পথাৰলৈ যাবলৈ মন মেলে। ঘৰৰ পাছফালে থকা পুবুৰীতো জাপ মাৰিব বিছাৰে। তাৰ পানী বুলি অকনো ভয় সংশয় নাছিল।"
শ্রীমতী দেবযানী বৰঠাকুৰ, জুবিনৰ পেহীয়েক, তামুলীছিগা
"জুবিন" শব্দৰ অৰ্থঃ
জুবিন শব্দটো মূলতঃ পার্টী ভাষাৰ শব্দ। যাৰ অৰ্থ "আকাশ বা স্বর্গ স্পর্শ কৰা আৰু লগতে কিংবদন্তী যোদ্ধাক বুজাবলৈও জুবিন শব্দটো ব্যবহাৰ কৰা হয়।
"জুবিন" আৰু জাঁজীঃ
জুবিনৰ দেউতাকৰ জন্মস্থান আছিল জাঁজী-তামোলীছিগাৰ লাহোৱাল গাঁৱত। স্বর্গীয় বেবাকান্ত বৰঠাকুৰৰ তিনিজন পুত্র ক্রমান্বয়ে স্বর্গীয় কুমুদ চন্দ্র বৰঠাকুৰ, স্বর্গীয় মহেন্দ্ৰৱৰঠাকুৰ আৰু স্বর্গীয় মাণিক চন্দ্র বৰঠাকুন। স্বর্গীয় কুমুদ চন্দ্ৰ বৰঠাকুৰৰ যোন্নজন সতি-প্রস্তুতিৰ দ্বিতীয় জন হৈছে জুবিনৰ দেউতাক শ্রদ্ধাৰ শ্রীযুত মোহিনী মোহন বৰঠাকুৰ। মাতৃ ইলি বৰঠাকুৰ আৰু দুই ভগ্নি জংকী আৰু পাশ্মি। সেই সূত্রে জুবিন জাঁজীপৰীয়া ল'ৰা আৰু আমি জাঁজীপৰীয়া হিচাপে গৌৰৱান্বিত।
ব্যক্তিগত ভাবে জুবিন গাৰ্গঃ
প্রকৃতি আৰু জীব-জন্তুৰ লগতে তেওঁৰ শৈশব-কিশোৰ কাল গৈছিল। সেই প্রভাব তেওঁৰ গানৰ মাজেৰে দেখিবলৈ পাওঁ। ধুমুহা, বতাহ, আন্ধাৰ, নাহৰ, তগৰ, সোণাৰু তেওঁৰ গানৰ বৈশিষ্ট্য আছিল। সেয়েহে তেওঁ মুম্বাই মায়া নগৰীৰ ক্রংকিট জংঘলে তেওঁক ধৰি ৰাখিব পৰা নাছিল আৰু ঘুৰি আহিছিল অসমী আইৰ কোলালৈ। তেওঁ আছিল মানব দৰদী আৰু দুষীয়া অসহায়, নিছলা মানুহৰ বাবে আছিল আশ্রয় দাতা। তেওঁ অসমৰ চুকে-কুণে অজস্র বহিজক আর্থিক সহায় কৰি তেওঁলোকৰ জীৱনক আকৌ এবাৰ উপহাৰ দিছিল। তেওঁ বন্য জীব-জন্তু, পশু-পক্ষীৰ প্ৰতি আছিল অক্লান্ত মৰম। তেওঁ বন্য প্রাণী সুৰক্ষা আৰু নিৰ্মমতাৰ বিৰুদ্ধে মাত মতা এজন প্রত্যক্ষ অধিবক্তা।
আদর্শগত ভাবে জুবিন গাৰ্গঃ
তেওঁক কিছু ৰাজনৈতিক সমস্যা/ইচ্ছ আৰু ৰাজনেতা সকলৰ কাম-কাজ, সমাজৰ ধৰ্ম-জাত-পাতৰ ৰীতি-নীতি আৰু ভ্ৰষ্টাচাৰে বিৰক্ত কৰি তুলিছিল। তেওঁ এজন স্পষ্টবাদী আছিল আৰু বহু সময়ত এই সকল লোকক তীব্র ভাষাৰে গৰিহণা দিছিল। সেয়েহে তেওঁৰ কেতবোৰ ৰাজনৈতিক ফেটাৰনিটি আৰু সমাজৰ নেতৃস্থানত থকা ব্যক্তিৰ কামৰ বিৰুদ্ধে ইতিকিংসূচক কথা-কাণ্ডৰ বাবে সমালোচিত হৈছিল।
তেওঁ আদর্শগত ভাবে, স্বনামধন্য বিষ্ণু প্রষাদ ৰাভা দেব, আর্জেন্টিনাব বৈপ্লবিক ছে গোরেভা আৰু বিশ্ববিচূর্ত চাৰলি চেপলিন নিচিনা ব্যক্তিৰ সামাজিক বাজনৈতিক আৰু বৌদ্ধিকতাৰে প্রভাবিত হৈছিল। তেওঁ নিজে কৈছিল "মই এজন Socio-leftist"। তেওঁ আছিল মানব-দৰদী, সমাজৰ ন্যায়ৰ বাবে মাত মতা ব্যক্তি, প্রকৃতি প্রেমীক, জীব-জন্তু প্রেমিক।
চাৰলি চেপলিনৰ দৰে জুবিন গার্গে কেতিয়াও কোনো শস্ত্র বিপ্লৱৰ পোষকতা কৰা নাছিল বা তেওঁ কোনো কমিউনিজিমৰ বিশ্বাসী নাছিল। কিন্তু তেওঁ আছিল চৰকাৰৰ ভুল নীতি বা কাম-কাজৰ প্ৰখৰ সমালোচক আৰু কেপিটেলিজিমৰ ঘোৰ বিৰোধী। তেওঁ পৃথিবীখন জাত-পাত-ধৰ্মৰে চাব বিছৰা নাছিল। বিহুমঞ্চতো হিন্দী গীতত কণ্ঠ নিগৰাই তেওঁ পৃথিৱীৰ সকলো ভাষাৰে স্বাধীনতা হোৱাটো বিচাৰিছিল।
তেওঁৰ আছিল ছে গোৱেভাৰ দৰে কঠোৰ সিদ্ধান্তকাৰী মনৰ অধিকাৰী। গতানুগতিক বাজনীতি-সামাজিক-অর্থনীতি বাঙিৰ ভিতৰত উফৰাই নতুন নীতি প্রয়োগবে দেশব-জাতিক উন্নতি কৰা তেওঁ সপোন দেখিছিল।
শেষত তেওঁ আছিল বিষ্ণু প্রবাদ ৰাভাৰ দৰে অসমক ভাল পোৱা, অসমীয়াক ভাল পোৱা, ধর্ম-জাত-পাতৰ ওপৰত অসমৰ উন্নতিৰ সপোনে খেদি ফুৰা এজন ব্যক্তি।
অসমীয়া জাতিৰ বাবে দুর্ভাগ্য যে এনে এজন অসমৰ সু-পুত্র, এজন মানব দবদী, এজন সংস্কৃতি কর্মী, সংগীতজ্ঞ, প্রকৃতি প্রেমী, জীব-জন্তু প্রেমী আৰু ৰাজনৈতিক-সামাজিক ন্যায়ৰ অক্লান্ত সৈনিক এজনক আমি মাত্র ৫২ বছৰ বয়সতে অতি ৰহস্যজনক ভাবে গত ১৯ চেপ্তেম্বৰ, ২০২৫ তাৰিখে সুদূৰ ছিংগাপুৰৰ সাগৰত বিদায় দিব লগা হ'ল।
আহক অসমীয়াৰ জাতিৰ দাপোন, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া আদ্যশ্রাদ্ধত আমি পণ লওঁ তেওঁৰ স্মৃতি আমি আমাৰ মনত অমৰ কৰি ৰাৰিম আৰু ভেওঁৰ আধাৰুৱা সপোনবিলাক পূর্ণ কৰিম।
উপদেষ্টামণ্ডলী:
শ্রীযুত জ্যোতি প্রসাদ গগৈ, শ্রীযুত ললিত শর্মা, শ্রীযুত বাজীব নেওগ, শ্রীযুত হেমেন চেতিয়া, শ্রীযুত অভিজিৎ বৰুৱা, শ্রীযুত দিলীপ ঢেকীয়াল ফুকন, শ্রীযুত বাজেন গগৈ, ড' অমবজিত শইকীয়া, ড° ৰঞ্জিত বৰুৱা, শ্রীযুত হিমালী জ্যোতি দত্ত, শ্রীযুত জয়ন্ত খাউণ্ড, শ্রীযুত দেবজিত। গগৈ, শ্রীযুত হেমাংগ বৰুৱা, শ্রীযুত জয়ন্ত গগৈ, শ্রীযুত প্রীতম গগৈ, শ্রীযুত ত্রৈলোক্য বৰা, শ্রীযুত নৰেণ গগৈ, শ্রীযুত মৃদুল বাহলুং ফুকন, শ্রীযুত বাজীর আলি, শ্রীযুত বাজু খান
সভাপতি: শ্রীযুত পুতুল গগৈ
কার্যকৰী সভাপতি: শ্রীযুত শুভ্রজ্যোতি বৰুৱা, শ্রীযুত পার্থ প্রতিম বৰুৱা
উপ-সভাপতি: সর্বশ্রী অভিনব গগৈ, ক্ষীৰোদ খনিকৰ, ধ্রুবজ্যোতি বড়া, বাহুল গগৈ, লক্ষী শইকীয়া
মুটীয়া সম্পাদক: সর্বশ্রী কল্যাণজ্যোতি গগৈ, উজ্জ্বল দত্ত
সহকাৰী সম্পাদক: সর্বশ্রী বিতুপন রববা, নিপজ্যোতি বড়া, ৰোমান জ্যোতি বড়া, অংকুৰ শইকীয়া, বুটম দত্ত
কোষাধ্যক্ষ: শ্রী নিক শর্মা
হিচাপ পৰীক্ষক: সর্বশ্রী চন্দন গগৈ, অম্বৰীশ গগৈ, প্রাঞ্জল প্রতীম বৰুৱা
প্রচার উপসমিতি-
সভাপতি: শ্রী প্রসেনজিৎ গগৈ
উপ-সভাপতিঃ শ্রী ধ্রুবজ্যোতি ভট্টাচার্য, শ্রী বাজীর দত্ত
সাধাৰণ সম্পাদকঃ শ্রী দিগন্ত শর্মা
শ্রদ্ধাঞ্জলিৰ উপসমিতি-
সভাপতি: শ্রী প্রাঞ্জল হাজৰিকা
উপ-সভাপতিঃ শ্রী চিত্রবঞ্জন সন্দিকৈ
সাধাৰণ সম্পাদক: শ্রী অবিনাশ বড়া
সদস্যঃ সর্বস্ত্রী নিবিড় দত্ত, জ্যোতিষ্মান হাজৰিকা, নিলপৱন বৰুৱা, বিজন গগৈ, শ্যামন্তিকা লাহন, বর্ষা দত্ত
ভাওনাৰ উপসমিতি-
সভাপতি: শ্রী প্রাণজিৎ গায়ন
উপ-সভাপতি: শ্রী পল্লবজ্যোতি গগৈ
সাধাৰণ সম্পাদকঃ শ্রী আকাশ জ্যোতি দত্ত
খাদ্য উপ-সমিতি-
সভাপতি: শ্রী প্রাঞ্জল শইকীয়া
উপ-সভাপতি: শ্রী প্রাণজিৎ চেতিয়া
যুটীয়া সাধাৰণ সম্পাদকঃ শ্রী বিদ্যুৎ বিকাশ গগৈ, শ্রী অবিনাশ বড়া
সহকাৰী সাধাৰণ সম্পাদকঃ শ্রী কবিতা গগৈ
স্বেচ্ছাসেবক উপ-সমিতি-
সভাপতিঃ শ্রী দ্বীপ খনিকৰ
উপ-সভাপতি: শ্রী অনুপম বৰুৱা
সাধাৰণ সম্পাদক: শ্রী বোনিত ৰাজ গগৈ
সহকাৰী সাধাৰণ সম্পাদকঃ শ্রী বক্তিম গগৈ
সদস্যঃ সর্বশ্রী ঋষিবাজ গগৈ, সত্যজিত লাহন, আকাশ লাহন, বিচিবাজ দত্ত,
পৰিস্মীতা গগৈ, ধৰিত্রী চাংমাই, দেবাশ্রী গগৈ, পূজা গগৈ, স্বপনালী দত্ত, কবী শইকীয়া, বাজপল বুঢ়াগোহাঁই, বেদান্ত গগৈ, বাজদ্বীপ শইকীয়া, বন্মিবেখা গগৈ, চফিকা বেগম, অনামিকা গগৈ, প্রিয়াক্ষী গগৈ, জিম্পী গগৈ।
জুবিনৰ অনুৰাগীসকলৰ লেখা আৰু ফটো ইত্যাদি চিৰযুগমীয়া কৰি ৰখাৰ
উদ্দেশ্যে আমি www.zubeenjhanji.in নামেৰে এটি বেবচাইট তৈয়াৰ কৰিছো।
গতিকে সকলো জুবিন প্রেমী ৰাইজক জুবিনৰ স্মৃতি জড়িত ফটো, ভি.ডি.অ',লে খা আদি তলত দিয়া ফোন নম্বৰত পঠাবৰ বাবে অনুৰোধ জনালোঁ।
হেমেন চেতিয়াঃ 9435858429
বৃটম দত্ত: 9365168708
উজ্জ্বল দত্ত: 9101845697
ধন্যবাদেৰে-
জুবিন গাৰ্গৰ আদ্যশ্রাদ্ধ আয়োজক সমিতি, জাঁর্জী
সম্পাদনাঃ হেমেন চেতিয়া